আকৌ এবাৰ চৰকাৰ হ'ব নৱাজ শ্বৰীফৰ, পাকিস্তানত মৰ্চা চৰকাৰৰ সমীকৰণ : Pakistan Election Result

৮ ফেব্ৰুৱাৰীত ব্যাপক হিংসাৰ মাজেৰে সম্পন্ন হ’ল প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানৰ নিম্ন সদন নেশ্যনেল এছেম্বলীৰ নিৰ্বাচন। ভোট ২৬৫ আসনৰ বাবে অনুষ্ঠিত পাকিস্তানৰ নিৰ্বাচনত কোনো এটা দলেই চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১৩৩ আসন দখল কৰিব পৰা নাই। কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ তেহৰিক-ঈ-ইনচাফ দলৰ সমৰ্থিত ৯৯ প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে জয়লাভ কৰাটো নিশ্চিত হৈছে। বিপৰীতে নৱাজ শ্বৰীফ নেতৃত্বাধীন পাকিস্তান মুছলিম লীগে ৭১খন আসন, বিলাৱল ভুট্টুৰ পাকিস্তান পিপলছ পাৰ্টীয়ে ৫৩ খন আসনত জয় নিশ্চিত কৰিছে। এনে ফলাফলৰ পাছত দেশখনত চৰকাৰ কাৰ হ'ব সেই লৈ সৃষ্টি হৈছে প্ৰশ্নচিহ্নৰ। পাকিস্তানৰ সংবিধানমতে নিৰ্বাচনৰ ফলাফলৰ পিছত বৃহত্তম দলটোৱেহে চৰকাৰ গঠনৰ বাবে ৰাষ্ট্ৰপতিক অনুৰোধ জনাব পাৰে। সেইমতে নৱাজ শ্বৰীফৰ দল PML য়ে চৰকাৰ গঠন কৰাৰ বাবে তৎপৰ হৈ পৰিছে। লাহোৰত নৱাজ শ্বৰীফৰ ভাতৃ শ্বাহবাজ শ্বৰীফ, PPPৰ সভাপতি বিলাৱল ভুট্টু, আৰু MQM ৰ খালিদ মকবুল ছিদ্দিকি। সকলো সমীকৰণ মিলিলে পাকিস্তান পিপলছ পাৰ্টী, MQM আদি কেইবাটাও দলৰ সমৰ্থনত চতুৰ্থবাৰলৈ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব পাকিস্তান মুছলিম লীগৰ নৱাজ শ্বৰীফ।