কেৱল ইলেকট’ৰেল ব’ণ্ডৰেই ১৩০০ কোটি সংগ্ৰহ বিজেপিৰ

ইলেকট’ৰেল ব’ণ্ডৰ যোগেদি কংগ্ৰেছতকৈ সাতগুন অধিক বৰঙনি সংগ্ৰহ কৰিছে শাসকীয় বিজেপি দলে৷ ভাৰতৰ নিৰ্বাচন আয়োগক দাখিল কৰা ৰিপ’ৰ্ট অনুসৰি ২০২২-২৩ বৰ্ষত বিজেপিয়ে ইলেকট’ৰেল বণ্ডৰ জৰিয়তে প্ৰায় ১৩০০ কোটি টকা লাভ কৰিছিল৷ ২০২২-২৩ বিত্তীয় বর্ষত বিজেপিয়ে সংগ্ৰহ কৰা সৰ্বমুঠ বৰঙণি আছিল ২১২০ কোটি টকা, ইয়াৰে ৬১ শতাংশই ইলেকট’ৰেল বণ্ডৰ পৰা আহিছিল৷২০২১-২২ বিত্তীয় বৰ্ষত বিজেপিৰ সৰ্বমুঠ সংগ্ৰহ আছিল ১৭৭৫ কোটি টকা। আনহাতে, কংগ্ৰেছে ইলেকট’ৰেল বণ্ডৰ পৰা মাত্ৰ ১৭১ কোটি টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ ২০২১-২২ বিত্তীয় বৰ্ষত সংগ্ৰহ কৰা ২৩৬ কোটি টকাতকৈ এয়া ৬৫ কোটি কম৷