মিনিষ্টাৰেও দিব লাগিব বিল

মন্ত্ৰী আৰু চৰকাৰী বাবুসকলে এতিয়াৰে পৰা নিজে ভৰিব লাগিব বিদ্যুতৰ বিল৷ মিনিষ্টাৰ কলনী আৰু বিষয়া-কৰ্মচাৰীৰ চৰকাৰী আৱাসত লগোৱা হ’ব প্ৰি-পেইড মিটাৰ৷ মিটাৰ লগোৱাৰ নিৰ্দেশ দিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য যে দিছপুৰৰ মিনিষ্টাৰ কলনী, এমএলএ হোষ্টেল, খানাপাৰাৰ আইএএছ কলনী আদিকে ধৰি সকলো চৰকাৰী আৱাসৰ কোটি কোটি টকাৰ বিদ্যুত বিল ইমানদিনে ৰাইজৰ ধনেৰেই পৰিশোধ কৰি অহা হৈছে৷ কোনো মন্ত্ৰী বা বিষয়া-কৰ্মচাৰীয়ে যাতে বিদ্যুত বিলত ৰাজসাহায্য ভোগ কৰিব নোৱাৰে সেইটো নিশ্চিত কৰিবলৈয়ে এপিডিচিএলক চৰকাৰী আৱাসবোৰত ব্যক্তিকেন্দ্ৰিক মিটাৰ লগাবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে৷