পৰীক্ষাৰ ডিউটি নাথাকিলে আন কাৰ্যালয়ৰ কাম কৰিব লাগিব শিক্ষকে

পৰীক্ষাত ডিউটি নাথাকিল বুলিয়েই এতিয়াৰে পৰা ঘৰতে থাকিব নোৱাৰিব শিক্ষকে৷ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ডিউটি নথকা শিক্ষকসকলে কৰিব লাগিব চৰকাৰী কাৰ্যালয়ৰ আধৰুৱা কাম! এই নিৰ্দেশ শিক্ষা বিভাগৰ৷ পৰীক্ষাৰ ডিউটি নথকা শিক্ষক আৰু কৰ্মচাৰীসকলে পুৱাই আহি উপস্থিত হ’ব লাগিব বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত৷ পৰীক্ষা কেন্দ্ৰ থকা বিদ্যালয় আৰু সকলো ফিডাৰ স্কুলৰ ক্ষেত্ৰতে এই নিৰ্দেশ প্ৰযোজ্য হ’ব৷ পৰিদৰ্শকৰ কাৰ্যালয়ত শিক্ষক, কৰ্মচাৰীসকলে বিভিন্ন শৈক্ষিক কামৰ লগতে কাৰ্যালয়টোত আধৰুৱা হৈ থকা কামো কৰিব লাগিব৷ এই নিৰ্দেশ দিছে শিক্ষা সচিবে৷ উল্লেখ্য যে ১২ ফেব্ৰুৱাৰীৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰু ১৬ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’ব৷