৭৭৪ কোটিৰ ঘাটি বাজেট দাখিল

আগন্তুক ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৭৭৪.৪৭ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰিছে বিত্ত মন্ত্ৰী অজন্তা নেওগে৷ বছৰটোৰ বাবে বিত্ত মন্ত্ৰীয়ে একত্ৰীকৃত নিধিত ১৪৩৬০৫.৫৬ কোটি টকাৰ ৰাজহ প্ৰাপ্তি দেখুৱাইছে৷ ইয়াৰ বিপৰীতে ব্যয় প্ৰস্তাৱ কৰা হৈছে ১৪৩৮৯০.৬২ কোটি টকা৷ বছৰটোৰ আৰম্ভণিৰ ঘাটি ২৩৬৯.৪১ কোটি টকা মিলাই ঘাটিৰ পৰিমান ৭৭৪.৪৭ কোটি টকা হৈছেগৈ৷