হায়দৰাবাদত বিক্ৰীৰ উদ্দেশ্য অপহৰণ গুৱাহাটীৰ ডেৰবছৰীয়া শিশু, উদ্ধাৰ
মহানগৰীৰ খানাপাৰাৰ পৰা হায়দৰাবাদত বিক্ৰীৰ অপচেষ্টাৰে অপহৰণ কৰা হৈছিল এটি শিশু।মাত্ৰ ৬ ঘণ্টাৰ ভিতৰত দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপহৃত কন্যা শিশুটি। লগতে তিনি মহিলাসহ গ্ৰেপ্তাৰ কৰিলে সমীৰ দাস নামৰ অপহৰণকাৰীক। সোমবাৰে সংবাদমেলত এই ঘটনাৰ সবিশেষ প্ৰকাশ কৰে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। খানাপাৰাৰ পৰা ডেৰ বছৰীয়া এটি শিশু অপহৃত হোৱাৰ অভিযোগ দিছিল অশোক দাস নামৰ খানাপাৰত চাহৰ দোকান দিয়া এজন লোকে। অশোক দাসৰ অভিযোগৰ ভিত্তিত পতি-পত্নী সমীৰ দে’, সবিতা দে’ক, জেৰিমন বেগম আৰু নিকি বড়ো নামৰ চাৰিগৰাকীক গ্ৰেপ্তাৰ কৰি শিশুটিক উদ্ধাৰ কৰে আৰক্ষীয়ে। নিকী বড়ো নামৰ এগৰাকী যুৱতীয়ে শিশুটি তুলি দিছিল সমীৰ দাসৰ স্কুটীত। মাত্ৰ ১ লাখ ২০ হাজাৰ টকাত বিক্ৰি কৰিবলৈ লৈ গৈছিল শিশুটিক। তাৰপিছত ফটাশিল আমবাৰীৰ সমীৰ দেৰ ভাৰাঘৰৰ কিছু নিলগত জেৰিমন বেগমৰ ঘৰত লুকুৱাই ৰখা হৈছিল শিশুটিক। আৰক্ষীৰ জেৰাত ইতিমধ্যে ৪ অভিযুক্তই স্বীকাৰ কৰিছে অপহৰণ কাণ্ডৰ সমগ্ৰ তথ্য। জেৰিমন ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুটিক। পেছাত মোবাইল দোকানী সমীৰ পোত গৈ আছিল ধাৰত। পূৰ্বে ছাৰ’গেচিৰ বাবে হায়দৰাবাদলৈ গৈছিল জেৰিমন। হায়দৰাবাদৰ পৰা উভতি আহি জেৰিমন সমীৰৰ সৈতে চিনাকি। জেৰিমনে ছাৰ’গেচি আৰু শিশু অপহৰণৰ কথা কৈছিল সমীৰক। সমীৰ দে’ই খানাপাৰাৰ চাহৰ দোকানত চিনাকি হৈছিল নিকি বড়োৰ সৈতে। পৰিকল্পনামতেই শিশুটিক লগত লৈ সমীৰ আৰু নিকিৰ স্কুটীৰে পলাই গৈছিল।হায়দৰাবাদৰ এটা এজেঞ্চিত শিশুটি বিক্ৰীৰ পৰিকল্পনা কৰিছিল। বুজন পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী হ’লহেঁতেন শিশুটি। ড্ৰাগছ আসক্ত নিকি বড়োৰ পৰা সকলো তথ্য লাভ কৰিছিল আৰক্ষীয়ে। সংবাদমেলত এই শিশু অপহৰণৰ ঘটনাৰ ৰহস্য ভেদ কৰি মহানগৰীৰ পিতৃ-মাতৃক সন্তানৰ ওপৰত নজৰ ৰাখিবলৈ আহ্বান জনায় আৰক্ষী আয়ুক্তই।
