কাজি নেমুক অসমৰ জাতীয় ফলৰ মৰ্যাদা, বিধানসভাত ঘোষণা কৃষি মন্ত্ৰী অতুল বৰাৰ

অৱশেষত অসমে পালে এবিধ জাতীয় ফল। অসমীয়াৰ আদৰৰ কাজি নেমুক অসম চৰকাৰে অসমৰ জাতীয় ফল হিচাপে গ্ৰহণ কৰাৰসিদ্ধান্ত গ্ৰহণ কৰিছে। বিধানসভাত এই তথ্য অৱগত কৰিলে কৃষিমন্ত্ৰী অতুল বৰাই। সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰে। ইতিপূৰ্বে ২০১৯ চনতে কাজি নেমুৱে অসমৰ GI Tag লাভ কৰিছিল। ২০১৮ৰ ৫ জানুৱাৰীত দিহিঙ নেমুটেঙা উন্নয়ন সমিতিয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত কৰা আবেদনৰ আধাৰত কাজি নেমুৱে GI Tag লাভ কৰিছিল।