এইবাৰ কমলাক্ষ আৰু বসন্ত দাস!
আৰু দুজন কংগ্ৰেছী বিধায়কে কংগ্ৰেছতে থাকি বিজেপি চৰকাৰক সমৰ্থন দিব! পুনৰ এনে আজব নীতিৰ কথা কৈ আজি বিধানসভা চৌহদত মুখ্যমন্ত্ৰীক গামোচা পিন্ধাইছে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু মঙলদৈৰ বিধায়ক বসন্ত দাসে৷ পুৰকায়স্থ আকৌ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ পদটো কাৰ্যনিৰ্বাহ কৰি আছে৷ দুয়োজনে নিজৰ নিজৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত এনেদৰে বিজেপিৰ শৰণাপন্ন হোৱা বুলি কৈছে৷ কিন্তু সদ্যহতে বিজেপি দলত যোগদান নকৰে৷ পুৰকায়স্থৰ মতে তেওঁ নিষ্ঠাবান কংগ্ৰেছী হৈয়ে থাকিব৷ অৱশ্যে, তেওঁ কাৰ্যকৰী সভাপতিৰ পদ ত্যাগ কৰিছে৷ ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসেই এই নীতিৰেই কংগ্ৰেছত থাকি চৰকাৰক সমৰ্থন দি থৈছে! দাসক দলে নিলম্বিত কৰি বিধায়ক পদ খাৰিজৰ আৰ্জি দি থৈছে যদিও ইয়াৰ শুনানি চলিয়েই আছে৷ তাৰ আগতে ২০২১ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ দলত্যাগ কৰি পাছত বিজেপিৰ টিকটত পুনৰ জয়ী হৈ আহিছে সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মী৷ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত দলীয় হুইপ অমান্য কৰি বিধায়ক ছিদ্দিক আহমেদ আৰু দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত শ্বেৰমান আলী আহমেদক কংগ্ৰেছে নিলম্বিত কৰি ৰাখিছে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মতে আৰু ৬ জন বিধায়ক তেওঁৰে যোগাযোগত আছে৷
