নিৰ্বাচনৰ পাছতে বসুন্ধৰা ৩.০, এছচি আৰু এছটি বসতি থকা গাঁৱক ‘ৰিজাৰ্ভ টেগ’

লোকসভা নিৰ্বাচনৰ পাছতে আৰম্ভ কৰা হ’ব বসুন্ধৰা ৩.০। মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে৷ আনহাতে, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ১০০ শতাংশ বসতি থকা ৰাজহ গাঁওসমূহে লাভ কৰিব “ৰিজাৰ্ভ টেগ”৷ শুক্ৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত মিছন বসুন্ধৰা ২.০ৰ সামৰণি অনুষ্ঠানত এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে মিছন বসুন্ধৰা ৩.০ ভূমি ব্যৱস্থাপনাৰ ক্ষেত্ৰত অধিক ব্যাপক হ’ব৷ মিছন বসুন্ধৰা ৩.০ কাৰ্যকৰী কৰাৰ বাবে ভূমি নীতিৰ কিছু সংস্কাৰ অনা হ’ব। পৰৱৰ্তী সময়ত মিছন বসুন্ধৰা ৪.০ যোগেদি চৰ অঞ্চলক সামৰি লোৱা হ’ব৷