ৰাজকোষত জমা হ’ব সোণ-হীৰাৰ ২৭ কেজি গহনা

দুৰ্নীতিত অভিযুক্তৰ ২৭ কিলোগ্ৰাম সোণ আৰু হীৰাৰ অলংকাৰ জমা দিব লাগিব চৰকাৰক!মাজতে মাত্ৰ পষেকৰ সময়৷ বাংগালুৰুৰ এখন বিশেষ আদালতে দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰয়াত জয়াললিতাৰ পৰা জৰিমনা আদায়ৰ অংশ হিচাপে উল্লিখিত পৰিমাণৰ অলংকাৰ ৰাজকোষত জমা দিবলৈ নিৰ্দেশ দিছে৷ অহা ৬ আৰু ৭ মাৰ্চৰ ভিতৰত তামিলনাডুৰ মুখ্য সচিবক এই সম্পত্তি হস্তান্তৰ কৰিব লাগিব। উল্লেখ্য যি দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত এ আই এ ডি এম কে নেত্ৰী জয়াললিতাক ১০০ কোটি টকা জৰিমনা দিয়াৰ নিৰ্দেশ দিয়া হৈছে। সেই জৰিমনা আদায়ৰ প্ৰক্ৰিয়া চলি আছে।এই প্ৰক্ৰিয়াত প্ৰয়াত জয়াললিতাৰ স্বাবৰ আৰু অস্থাবৰ সম্পত্তিৰ একাংশ নিলাম কৰা হ’ব। নিলামৰ বাবে জয়াললিতাৰ গহণা তামিলনাডুৰ চৰকাৰৰ হস্তান্তৰ কৰিব লাগিব। ইয়াৰ পাছতে প্ৰয়াত নেত্ৰীগৰাকীৰ অন্যান্য স্থাবৰ সম্পত্তি নিলামৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। তথ্য অনুসৰি ২০ কেজি গহনা জয়াললিতাৰ নামত আছে। ৭ কেজি গহনা তেওঁ মাতৃৰ পৰা পাইছিল৷