গুৱাহাটীৰ ভেটাপাৰাৰ পৰা গ্ৰেপ্তাৰ চাইবাৰ অপৰাধী

গুৱাহাটীৰ ভেটাপাৰাৰ পৰা গ্ৰেপ্তাৰ চাইবাৰ অপৰাধী আজমল হুছেইনক৷ অভিযুক্ত হুছেইনৰ জিম্মাৰ পৰা হাতীগাঁও থানাৰ আৰক্ষীয়ে ১২ খন এটিএম কাৰ্ড, দহটা মোবাইল হেণ্ডছেট, দুখন ছিম কাৰ্ড, ছয়খন বেংক পাছবুক, চেকবুক জব্দ কৰা হৈছে৷ সহজ-সৰললোকক ফুচুলাই অবৈধ বিত্তীয় লেনদেনৰ বাবে বেংক একাউণ্ট খুলি অভিযুক্তই চাইবাৰ প্ৰতাৰণা কৰা বুলি আৰক্ষীয়ে সদৰি কৰিছে৷