চকী এৰিবলৈ হ’ল সন্মত সিন্দে

মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত সৃষ্টি হোৱা অচলাৱস্থাৰ অন্ত পৰিছে৷ ক্ষমতাৰ ভাগ বাটোৱাৰা কৰিবলৈ হোৱা আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীৰ চকী এৰিবলৈ সন্মত হৈছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে৷ উপ-মুখ্যমন্ত্ৰী, বিজেপি বিধায়িনী দলৰ নেতা দেৱেন্দ্ৰ ফাড়নৱিশ হ’ব মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী৷ সিন্দে লগতে এনচিপিৰ নেতা অজিত পাৱাৰ দ্বিতীয়জন উপ-মুখ্যমন্ত্ৰী হ’ব বুলি চৰ্চা হৈছে৷ মুখ্যমন্ত্ৰী সম্পৰ্কত আনুষ্ঠানিক ঘোষণা হোৱা যদিও আজি বিয়লি বিজেপি, শিৱ সেনা আৰু এনচিপিৰ নেতাসকলে ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথা৷ মন্ত্ৰিত্বৰ ভাগ বাটোৱাৰা এতিয়াও সম্পূৰ্ণ হোৱা নাই৷