বহুত হ’ল নিয়মীয়া উন্নয়ন, এইবাৰ হ’ব “আইকনিক প্ৰজেক্ট”
নতুন বছৰত ৰাজ্যৰ উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ নৱবৰ্ষ উপলক্ষে সাংবাদিকৰ সৈতে মত-বিনিময়ৰ “নতুন দিনৰ আলাপ” অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে আজি কয় যে নিয়মীয়া উন্নয়নমূলক কাম-কাজৰ লগতে চৰকাৰে এইবাৰ ভালেকেইটা আইকনিক প্ৰজেক্টৰ কাম হাতত ল’ব৷ নতুন বছৰটোত ৰাজ্যখনত কেইবাটাও বৃহৎ ঔদ্যোগিক বিনিয়োগ হ’ব বুলিও তেওঁ কয়৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ নতুন ভৱন, নেহৰু ষ্টেডিয়ামৰ পুনৰ্নিমাণ, গহপুৰৰ কণকলতা বিশ্ববিদ্যালয়, দীঘলীপুখুৰী-নুনমাটি ফ্লাইঅভাৰ আদি আইকনিক প্ৰজেক্টবোৰৰ অন্যতম হ’ব৷ আগন্তুক ২০২৪-২৫ বৰ্ষৰ বাজেট প্ৰাককলনত ইয়াৰ বাবে পুঁজি ধাৰ্য কৰা হ’ব৷ চৰকাৰৰ সাফল্যৰ বিতং বৰ্ণনা কৰি ড° শৰ্মাই কয় যে ২০২৩-২৪ বৰ্ষত ৰাজ্যৰ জিডিপি ৫.৬৫ লাখ কোটিলৈকে বৃদ্ধি পাইছে৷ আগৰ বছৰটোতকৈ এয়া ৪০.৭০ শতাংশ অধিক৷ চলিত ২০২৩-২৪ বৰ্ষত জিডিপি ৬.৩৮ লাখ কোটি হ’বগৈ বুলি আগতীয়া অনুমান কৰা হৈছে৷ ২০২৬ চনলৈ জিডিপি ৯-১০ লাখ কোটিলৈকে বৃদ্ধি কৰাটো চৰকাৰৰ লক্ষ্য বুলি তেওঁ কয়৷ ৰাজ্য চৰকাৰৰ নিজা কৰ সংগ্ৰহ ১৮ শতাংশ বৃদ্ধি হোৱা বুলি তেওঁ দাবী কৰিছে৷ ইপিনে, আলফা-চৰকাৰৰ মীমাংসা চুক্তিক অসমৰ বাবে বৃহৎ প্ৰাপ্তি বুলি মুখ্যমন্ত্ৰীয়ে বৰ্ণনা কৰিছে৷ ড° শৰ্মাৰ মতে অসম চুক্তিৰ ছয় নং দফায়ো দিব নোৱাৰাটো মীমাংসা চুক্তিয়ে দিবলৈ সক্ষম হৈছে৷ এইবাৰ যি ধৰণে ডিলিমিটেশ্যন হ’ল, পৰৱৰ্তীসময়টো একে দৰে হ’ব৷ এইবাৰ ডিলিমিটেশ্যনত সমষ্টিৰ পুনৰ্গঠন এনেদৰে কৰা হৈছে যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৯৬-৯৮ টা উপত্যকাটোৰ খিলঞ্জীয়া লোকৰ বাবে আৰু বৰাক উপত্যকাৰ ৮-৯ টা সমষ্টি বৰাকৰ খিলঞ্জীয়াৰ দখলত থাকিব৷ আগলৈয়ো এই ব্যৱস্থা বাহাল থাকিব৷ আন এক ব্যৱস্থা অনুসৰি ভোটাৰে ৰাজনৈতিক উদ্দেশ্যত সমষ্টি সলনি কৰিব নোৱাৰিব৷ ফলত সমষ্টিবোৰৰ ৰাজনৈতিক চৰিত্ৰ অপৰিৱৰ্তিত থাকিব৷ মুখ্যমন্ত্ৰীৰ মতে এই ব্যৱস্থাই “অসমীয়াৰ সংজ্ঞা”, ১৯৭১ বা ১৯৫১ চনক ভিত্তি কৰি সংৰক্ষণৰ দাবী আদিৰ প্ৰয়োজনেই নোহোৱা কৰি তুলিলে৷
