৭.৬ প্ৰাবল্যৰ ভূমিকম্প, তাৰপিছত আহিল ছুনামী: বিপৰ্যস্ত দ্বীপৰাষ্ট্ৰ
৪ প্ৰাবল্যৰ ওপৰত ২০টাতকৈও অধিক ভূমিকম্পই কঁপাই গ'ল জাপান। পহিলা জানুৱাৰীতে ৯০ মিনিটৰ ভিতৰত আহিল ইটোৰ পাছত সিটো ভূমিকম্প। মধ্য জাপানৰ বহু ঘৰ ক্ষতিগ্ৰস্ত, হাজাৰ হাজাৰ লোকে বিদ্যুৎ হেৰুৱাইছে, বৃহৎ বৃহৎ ফাঁট মেলাত ঘাইপথ বন্ধ, স্তব্ধ বুলেট ট্ৰেইন। মধ্য জাপানৰ ইছিকাৱা আৰু কাষৰীয়া এক বিস্তীৰ্ণ অঞ্চলত চুনামীৰ সতৰ্কবাণী জাৰি কৰি সম্ভাৱ্য আফটাৰশ্বকৰ বাবে সাজু হ’বলৈ পৰামৰ্শ দিছে প্ৰশাসনে। জাপানৰ এনএইচকে টিভিৰ বাতৰি অনুসৰি জাপান সাগৰৰ কাষৰীয়া পশ্চিম উপকূলৰ কিছু অংশত প্ৰায় ১ মিটাৰ উচ্চতাৰ চুনামীয়ে ইতিমধ্যেই আঘাত হানিছে আৰু ইয়াতকৈ বৃহৎ ঢৌৰ সম্ভাৱনা আছে। জাপান বতৰ বিজ্ঞান সংস্থাই উপকূলীয় প্ৰিফেকচাৰ ইছিকাৱা, নিইগাটা আৰু ট’য়ামাৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে। স্থানীয় সময় অনুসৰি বিয়লি প্ৰায় ৪:১০ বজাত (০৭:১০ জিএমটি) ইছিকাৱা প্ৰিফেকচাৰৰ নোটো অঞ্চলত ভূমিকম্পই জোকাৰি যোৱাৰ পিছত এনএইচকে টিভিয়ে কয় যে - সকলো বাসিন্দাই তৎক্ষণাত উচ্চ স্থানলৈ স্থানান্তৰিত হ’ব লাগিব। আমেৰিকা আৰু জাপানৰ সংস্থাসমূহে জনোৱা মতে, ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ কেন্দ্ৰৰ ৩০০ কিলোমিটাৰৰ ভিতৰত মধ্য জাপানৰ উত্তৰ উপকূলত ৫ মিটাৰ উচ্চতা পৰ্যন্ত বিপজ্জনক চুনামী ঢৌ সম্ভৱপৰ। চৰকাৰী মুখপাত্ৰই জৰুৰী সংবাদমেলত কয় যে কৰ্তৃপক্ষই এতিয়াও ক্ষতিৰ পৰিমাণ পৰীক্ষা কৰি আছে আৰু সম্ভাৱ্য পৰৱৰ্তী ভূমিকম্পৰ বাবে সাজু হ’বলৈ বাসিন্দাসকলক সকীয়াই দিয়া হৈছে। পৰৱৰ্তী দুই তিনিদিনৰ ভিতৰত ৭ প্ৰাবল্যৰ আৰু একাধিক সাম্ভাব্য ভূমিকম্পৰ জোকাৰণিৰ বাবে নাগৰিকসকলক সতৰ্ক থাকিবলৈও কোৱা হৈছে। ইফালে বিদ্যুৎ সেৱা প্ৰদানকাৰী হোকুৰিকু ইলেক্ট্ৰিক পাৱাৰে জনোৱা মতে, ইছিকাৱা আৰু টয়ামা প্ৰিফেকচাৰত ৩৬ হাজাৰতকৈ অধিক পৰিয়ালে বিদ্যুৎ হেৰুৱাইছে। জাপানৰ পাৰমাণৱিক নিয়ন্ত্ৰণ কৰ্তৃপক্ষই জনোৱা মতে, জাপান সাগৰৰ কাষৰীয়া পাৰমাণৱিক শক্তি কেন্দ্ৰসমূহত কোনো অনিয়ম নিশ্চিত হোৱা নাই, য’ত আছে ফুকই প্ৰিফেকচাৰৰ কানছাই ইলেক্ট্ৰিক পাৱাৰৰ অহী আৰু টাকাহামা প্লাণ্টৰ পাঁচটা সক্ৰিয় ৰিয়েক্টৰ। ভূমিকম্পৰ অভিকেন্দ্ৰৰ আটাইতকৈ ওচৰত অৱস্থিত ইছিকাৱাত থকা হোকুৰিকুৰ শ্বিকা প্লাণ্টটো ইতিমধ্যে নিয়মীয়া পৰিদৰ্শনৰ বাবে ভূমিকম্পৰ পূৰ্বে দুটা ৰিয়েক্টৰ বন্ধ কৰি থোৱা আছিল বাবে ভূমিকম্পৰ কোনো প্ৰভাৱ নপৰিল সংস্থাটোৱে জনায়। দক্ষিণ কোৰিয়াৰ বতৰ বিজ্ঞান সংস্থাই জনোৱা মতে, পূব উপকূলৰ গাংৱন প্ৰদেশৰ কিছুমান অঞ্চলৰ সমুদ্ৰপৃষ্ঠ বৃদ্ধি পাব পাৰে। জাপান হ'ল বিশ্বৰ অন্যতম ভূমিকম্পপ্ৰৱন দেশ। জাপানীসকল ভূমিকম্পৰ মুখামুখিৰ ক্ষেত্ৰত অতি অভ্যস্ত। তত্স্বত্তেও ২০১১ চনৰ ১১ মাৰ্চত উত্তৰ-পূব জাপানত হোৱা এক বৰ ভূমিকম্প আৰু ছুনামীৰ ফলত প্ৰায় ২০ হাজাৰ লোকৰ মৃত্যু হৈছিল। বহু চহৰধ্বংস হৈছিল আৰু ফুকছিমাত পাৰমাণৱিক বিপৰ্যয়ৰ সূচনা হৈছিল।
