প্ৰীমিয়াম জানুৱাৰীতে নিদিলে বাতিল হ’ব পট্টা

মিছন বসুন্ধৰা ২.০ৰ অধীনত পট্টা লাভৰ বাবে যোগ্য বিবেচিত হোৱা সকলো আবেদনকাৰীয়ে অহা ৩১ জানুৱাৰীৰ ভিতৰত প্ৰীমিয়াম আদায় দিব লাগিব৷ অন্যথাই তেওঁলোকক পট্টা প্ৰদানৰ বাবে লোৱা সিদ্ধান্ত বাতিল কৰা হ’ব৷ ৰাজ্যিক কেবিনেটৰ আজিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে৷ আনহাতে, মিছন বসুন্ধৰাৰ আবেদন নিষ্পত্তিৰ সময়সীমা অহা ১৫ জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে৷ ইয়াৰ অধীনত কেইবাখনো জিলাৰ নগৰাঞ্চলৰ ১,১৯৪ টা পৰিয়ালক ভূমি পট্টনত কেবিনেটে অনুমোদন দিছে৷ আন এক সিদ্ধান্ত অনুসৰি, বিটিআৰক অন্তৰ্ভুক্ত কৰি, আৰু কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ স্বায়ত্ত্বশাসিত জিলাক বাদ দি মদাহী জনগোষ্ঠীক কছাৰী জনজাতিৰ অন্তৰ্গত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হ’ব৷ বিপিএল আৰু ঘৰুৱা গ্ৰাহকক ৰাজসাহায্য দিবৰ বাবে এপিডিচিএলক ২০০ কোটি টকাৰ শুল্ক ৰাজসাহায্য প্ৰদানত অনুমোদন দিছে কেবিনেটে৷