মিছন বসুন্ধৰাত আবেদন খাৰিজৰ অভিলেখ

মিছন বসুন্ধৰা ২.০ৰ যোগেদি ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোকসকলক ভূমিৰ অধিকাৰ দিয়াৰ কথা কৈছিল যদিও ৮৩ শতাংশ আবেদনেই খাৰিজ কৰা হৈছে৷ দখলত থকা ভূমিৰ পট্টা বিচাৰি সৰ্বমুঠ ১৩ লাখ ৩৯ হাজাৰ ৬০৫ জন লোকে আবেদন কৰিছিল৷ ইয়াৰে ১১ লাখ ১১ হাজাৰ ৪২৯ খন আবেদন খাৰিজ কৰিছে ৰাজহ বিভাগে৷ আজি পৰ্যন্ত ২ লাখ ২৬ হাজাৰ ৯৩৪ জন লোককহে চৰ্ত সাপেক্ষে পট্টা দিবলৈ সন্মত হৈছে চৰকাৰ৷ ১২৪২ খন আবেদন এতিয়াও নিষ্পত্তি নোহোৱাকৈ আছে৷ আবেদন নিষ্পত্তিৰ সময় অহা ১৫ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে৷ তথ্য অনুসৰি, ১০ লাখ ৪৮ হাজাৰ ৩৯ জন লোকে দখলত থকা চৰকাৰী ভূমি/ একচনা পট্টাৰ ম্যাদী পট্টনৰ বাবে আবেদন কৰিছিল যদিও ইয়াৰে ৮লাখ ৪১ হাজাৰ ৯৬৮ খন আবেদনই খাৰিজ কৰা হৈছে৷ ২লাখ ৪ হাজাৰ ৯১৪ জন আবেদনকাৰীকহে পট্টা দিবলৈ সন্মত হৈছে চৰকাৰ৷