শিক্ষক হ’ব নোৱাৰিব ডিএলএড ডিগ্ৰীধাৰী

শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত নেছনেল ইনষ্টিটিউট অব অপেন স্কুলিং, চমুকৈ এনআইঅএছৰ ডিপ্লমা বৈধ অৰ্হতা হিচাপে গণ্য কৰা নহ’ব৷ অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকে আজি এই নিৰ্দেশ জাৰি কৰিছে৷ যোৱা ২৬ ডিচেম্বৰত দহ সহস্ৰাধিক শিক্ষক পদ পূৰণৰ বাবে জাননী প্ৰকাশ কৰা হৈছিল৷ নিম্ন আৰু উচ্চ প্ৰাথমিকৰ শিক্ষকৰ ক্ষেত্ৰত প্ৰযোজনীয় বৃত্তিমুখী অৰ্হতা হিচাপে এনআইঅএছৰ ডিপ্লমা, D.El.Ed কো অন্যতম অৰ্হতা হিচাপে উল্লেখ কৰা হৈছিল৷ উচ্চতম ন্যায়ালয়ে যোৱা ২৮ নৱেম্বৰত জাৰি কৰা এক নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত ওঠৰমহীয়া এই D.El.Ed ডিগ্ৰী বৈধ অৰ্হতা হিচাপে গণ্য কৰা নহ’ব বুলি কোৱা হৈছে৷ অৱধাৰিতভাৱেই এই ডিগ্ৰী লোৱা প্ৰাৰ্থীসকলে শিক্ষক হ’বলৈ আবেদন কৰিব নোৱাৰিব৷ চৰকাৰে এইবাৰ শিক্ষক নিযুক্তিৰ বাবে সংশোধিত নিযুক্তি নীতি বলবৎ কৰিছে৷