দেৰগাঁৱত বনভোজমুখী ট্ৰাক-বাছৰ মুখামুখি সংঘৰ্ষ, শিশুসহ ১২ যাত্ৰী নিহত

বুধবাৰে পুৱা দেৰগাঁৱৰ বালিজানত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়াবহ দুৰ্ঘটনাটোত তিনিটি শিশুকে ধৰি ১২ গৰাকী যাত্ৰী নিহত হয়। গোলাঘাটৰ আঠখেলীয়াৰ বছা ভৰলুৱা গাঁৱৰ পৰা ৪৫ জনীয়া এটা দলে এখন আলট্ৰা বাছেৰে তিনিচুকীয়াৰ টিলিঙা মন্দিৰ অভিমুখে বনভোজ খাবৰ বাবে গৈ আছিল। বাছখন দেৰগাঁৱৰ বালিজান পাওঁতেই ঘটি গ'ল শোকাবহ দুৰ্ঘটনাটো। ভুল পথেৰে বিপৰীত দিশৰ পৰা তীব্ৰ গতিত মাৰ্ঘেৰিটাৰ পৰা অহা এখন কয়লা ভৰ্তি ট্ৰাকে খুন্দা মাৰে যাত্ৰীভৰ্তি বাছখনত । দুয়োখন বাহনৰ মাজত হোৱা সংঘৰ্ষত বাছখনৰ এটা ফাল সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে । দুৰ্ঘটনাটোত তিনিটি শিশুকে ধৰি বছা ভৰলুৱা গাঁৱৰ ১২ গৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু ঘটিছে । ৩০ গৰাকীতকৈ অধিক যাত্ৰী গুৰুতৰভাৱে আহত হৈছে । আহতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। তাৰে কেইবাজনৰ অৱস্থা সংকটজনক। নিহতসকলৰ পৰিচয় উদ্ধাৰ হৈছে। তেওঁলোক হৈছে দিপালী শইকীয়া( মাতৃ, ৩৭ বছৰ) আৰু শুভাংকুৰ শইকীয়া ( পুত্ৰ, ১৩ বছৰ), পিংকী শইকীয়া ( মাতৃ, ৪৮ বছৰ) আৰু নিহাৰিকা শইকীয়া (কণ্যা, ১০বছৰ), নিত্যানন্দ বৰা (পিতৃ, ৪৮বছৰ) আৰু প্ৰঞ্চিপ্ৰিয়া বৰা (কন্যা, ৭বছৰ), ৰিংকী শইকীয়া (১৮ বছৰ) ,মৃদুল বৰা (৩০ বছৰ, বাছৰ ড্ৰাইভাৰ), সোমেশ্বৰ বৰা ( ৪৩ বছৰ), নৱজিত শইকীয়া ( ৪০ বছৰ),অনিমা শইকীয়া( ৬০বছৰ)।এওঁলোক আটাইৰে ঘৰ কমাৰবন্ধাৰ বছা ভৰলুৱা গাঁৱত। নিহত হয় ট্ৰাকখনৰ চালক নুৰ আলম হকো ( ৩৪ বছৰ)। নিৰ্মিয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থা, ঘন কুঁৱলী, ট্ৰাকখনৰ তীব্ৰ গতি আদি একাধিক কাৰণত এই ভয়ানক দুৰ্ঘটনাটো সংঘটিত হয় বুলি মন্তব্য কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। এই শোকাৱহ দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।