এছ অ পি মানিলেহে খাব পাৰিব বনভোজ

দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাবহ পথ দুৰ্ঘটনা ভয়ংকৰ ঘটনাৰ পাছতে অসম আৰক্ষীয়ে বনভোজ সম্পৰ্কত এটা এছ অ পি জাৰি কৰিছে৷ এছ অ পি অনুসৰি বনভোজৰ আয়োজন আৰু উদযাপনৰ বাবে অসম আৰক্ষীয়ে ৰাজ্যবাসীক আহ্বান জনাইছে৷ এছ অ পিত কোৱা হৈছেঃ # বনভোজলৈ নিয়া বাহনত অত্যাধিক যাত্ৰী যাব নোৱাৰিব৷ # বনভোজথলীত বা আশে-পাশে সুৰাৰ অবৈধ বেহা পাতিব নোৱাৰিব৷ # গাড়ী চালকে কোনোধৰণৰ নিচা কৰিব নোৱাৰিব৷ # বাহনত ডাঙৰকৈ গান বজাব নোৱাৰিব৷ # যাত্ৰা আৰম্ভ কৰা স্থান আৰু বনভোজথলী, উভয় স্থানৰে আৰক্ষী থানাত জনাব লাগিব৷ # সূৰ্যোদয়ৰ আগতে আৰু সূৰ্যাস্তৰ পাছত যাত্ৰা কৰিব নোৱাৰিব৷ # কুঁৱলীৰ মাজেৰে যাত্ৰা কৰিব নোৱাৰিব৷ # বনভোজথলীত আৰক্ষীৰ নিৰীক্ষণ গোটে ভিডিপিৰ সহযোগত নিৰীক্ষণ কৰিব৷ # সুৰাৰ অবৈধ বেহা কৰা ধাবাবোৰত আৰক্ষীয়ে নিয়মীয়া তালাচী চলাব৷