৫৬ লাখ! গুৱাহাটীত বিমান যাত্ৰীৰ ৰেকৰ্ড
সদ্য সমাপ্ত ২০২৩ বৰ্ষটোত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰে ৫৬ লাখ যাত্ৰীয়ে যাতায়ত কৰি এক নতুন অভিলেখ গঢ়িছে৷ পূৰ্বৰ বছৰটোতকৈ যাত্ৰীৰ সংখ্যা প্ৰায় দহ লাখ অধিক৷ ২০২২ বৰ্ষত যাত্ৰীৰ সংখ্যা আছিল প্ৰায় ৪৬ লাখ৷ অসম তথা পূৰ্বোত্তৰৰ ৰাজ্যকেইখনৰ ভিতৰতে সৰ্ববৃহৎ তথা ব্যস্ত বিমানবন্দৰটোৱে পাৰ হোৱা বছৰটোত প্ৰায় ২৯ লাখ লোকৰ আগমন আৰু ২৭ লাখ প্ৰস্থান পৰিচালনা কৰিছিল। লক্ষণীয় যে আদানি গ্ৰুপৰ দ্বাৰা পৰিচালিত এই বিমানবন্দৰটোত যথেষ্ট কম সংখ্যক যাত্ৰীৰ বাবেহে টাৰ্মিনেল ডিজাইন কৰা হৈছে৷ তথ্য অনুসৰি, ঘৰুৱা টাৰ্মিনেল, টাৰ্মিনেল ৱানত ভিৰ হোৱা সময়ত ৫০০ যাত্ৰী বহিব পৰাৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল, টাৰ্মিনেল টুত ১২৫ জন যাত্ৰীহে বহিব পাৰে। সামগ্ৰিকভাৱে এই বিমানবন্দৰটোৰ ভিৰৰ সময়ত ১৩০০ যাত্ৰীৰ ক্ষমতা আছে, য’ত ঘৰুৱা বিমানৰ বাবে ১০০০ আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ বাবে ৩০০ যাত্ৰী আবণ্টন দিয়া হৈছে। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যাত্ৰীসকলে ঘৰুৱা টাৰ্মিনেলৰ ছখন বৰ্ডিং গেট আৰু আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেলত এখন বৰ্ডিং গেটৰে প্ৰৱেশ কৰিব পাৰে। বিমান বন্দৰটোত ১৪টা চেক-ইন কাউণ্টাৰ, ৮টা ইমিগ্ৰেচন কাউণ্টাৰ, ২টা কাষ্টমছ কাউণ্টাৰ, আৰু ৪টা নিৰাপত্তা চেক বুথৰ ব্যৱস্থা আছে৷ পৰিসংখ্যা অনুসৰি, ২০২৩ চনত বিমান বন্দৰটোত ৪৬,০০০ৰো অধিক বিমান চলাচল কৰা হৈছিল, য’ত প্ৰায় সমান সংখ্যক আগমন আৰু প্ৰস্থান বিমান আছিল। বিগত বৰদিনৰ আগদিনা অভিলেখ সংখ্যক ১৯,২৯০জন যাত্ৰীয়ে যাতায়ত কৰিছিল, যি সংখ্যাই ভ্ৰমণ কেন্দ্ৰ হিচাপে গুৱাহাটী বিমানবন্দৰটোৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ ইংগিত দিয়ে।
