উত্তৰ প্ৰদেশৰ পাছতে অসম
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে কংগ্ৰেছ দলৰ প্ৰস্তাৱিত “ভাৰত জোড়ো ন্যায় যাত্ৰা”ত বিশেষ গুৰুত্ব দিয়া হৈছে অসমক৷ আজি এইআইচিচিয়ে চূড়ান্ত কৰা সূচী অনুসৰি উত্তৰ প্ৰদেশৰ পাছতে কংগ্ৰেছ নেতা, সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হ’বলগীয়া এই যাত্ৰাই অসমত সৰ্বাধিক দূৰত্ব সামৰি ল’ব৷ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে প্ৰকাশ কৰা মতে উত্তৰ প্ৰদেশৰ ২০খন জিলাৰ ১০৭৪ কিলোমিটাৰ দূৰত্ব ১১ দিনত সামৰা হ’ব৷ আনহাতে, অসমত ৮ দিনত ১৭খন জিলাৰ ৮৩৩ কিলোমিটাৰ পথত যাত্ৰা কৰিব গান্ধীয়ে৷ উল্লেখ্য যে অহা ১৪ জানুৱাৰীত মণিপুৰৰ পৰা এই যাত্ৰা আৰম্ভ হ’ব৷ ১৮ জানুৱাৰীত আমগুৰি হৈ অসমত প্ৰবেশ কৰিব ভাৰত জোড়ো ন্যায় যাত্ৰাই৷ অসম আৰু মণিপুৰৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ নগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ো এই যাত্ৰাৰ অন্তৰ্ভুক্ত হৈছে৷ ১৫ খন ৰাজ্যৰ ১১০ খন জিলাক সামৰি ৬৬ দিনীয়া এই যাত্ৰাৰ মহাৰাষ্ট্ৰত সামৰণি পৰিব৷
