চীনক প্ৰত্যাহ্বান, অৰুণাচলত সীমান্ত হাইৱে
চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি)ৰ সমীপত অৰুণাচল প্ৰদেশত সীমান্ত ঘাইপথ নিৰ্মাণৰ এক অভিলাষী প্ৰকল্প ৰূপায়ণৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে৷ স্পষ্টতঃ চীন চৰকাৰক প্ৰত্যাহ্বান জনাইয়ে এই কৌশলগত প্ৰকল্পটোৰ পৰিকল্পনা কৰা হৈছে। ২০২৭ চনৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰূপণ কৰা হৈছে৷ ইয়াৰ বাবে বৃহস্পতিবাৰে প্ৰথম নিবিদা আহ্বান কৰিছে। তথ্য অনুসৰি, প্ৰথম নিবিদাৰ সমূদায় মূল্য হৈছে প্ৰায় ২২০০ কোটি টকা। প্ৰকল্পটোৰ যোগেদি এল এ চিৰ গাতে লাগি থকা হুনলী আৰু হাউলিয়াঙৰ মাজত প্ৰায় ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৰুত্বপূৰ্ণ ঘাইপথ, হুনলী আৰু ইথুনৰ মাজত ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৌশলগত দলং আৰু টুটিনৰ পৰা জিডোলৈ ১৩ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব। অৰুণাচল প্ৰদেশৰ প্ৰায় ১৭০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ফ্ৰন্টিয়াৰ হাইৱে প্ৰকল্পটো হ’ব দেশৰ সৰ্ববৃহৎ কৌশলগত প্ৰকল্প যিয়ে সীমান্তৰ সিপাৰে চীনৰ কাৰ্যকলাপত শেন চকু ৰখাৰ উপৰিও এল এ চিলৈ সামৰিক গতিবিধিৰ ক্ষেত্ৰত সহায় কৰিব। উল্লেখ্য যে পূৰ্বতে ২০১৬ চনত ভাৰত চৰকাৰে এই প্ৰকল্পটোৰ পৰিকল্পনা কৰিছিল৷ তেতিয়া চীন চৰকাৰে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল৷
