নিষিদ্ধ হ’ল আন্দোলন

পৰৱৰ্তী ছমাহৰ বাবে নিষিদ্ধ কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী৷ ৰাজ্যৰ গৃহ বিভাগে এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে৷১৯৮০ চনৰ এছেন্সিয়েল ছাৰ্ভিছেচ মেইনটেনেন্স ( আছাম) এক্ট, চমুকৈ এছমাৰ অধীনত জাৰি কৰা নিৰ্দেশ অনুসৰি তৈল, তৈলজাত সামগ্ৰী আৰু প্ৰাকৃতিক গেছৰ উৎপাদন আৰু বিতৰণৰ সৈতে জড়িত কোনো বিষয়া, কৰ্মচাৰী, ঠিকাভিত্তিক শ্ৰমিক, খালাছী, টেংকাৰ চালক আদি জৰুৰীকালীন সেৱাত নিয়োজিত লোকে কৰিব নোৱাৰিব কোনো আন্দোলন, ধৰ্মঘট৷ তৈলক্ষেত্ৰ আৰু সকলো তেল শোধানাগাৰৰ কাম-কাজক এই নিৰ্দেশে সামৰি ল’ব৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব বুলি গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিবে জাৰি কৰা জাননীত কোৱা হৈছে৷