মেজিৰ জুই জ্বলাৰ পূৰ্বেই গৰম হ'ব ৰাজ্যৰ ৰাজনীতি: ব’ব ৰাষ্ট্ৰীয় নেতাৰ সোঁত

অহা ১০ জানুৱাৰীত বিজেপিৰ সভাপতি জে পি নাড্ডাই অসম ভ্ৰমণ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'ব। তাৰপিছত ১৭ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ বাহুল গান্ধীৰ নেতৃত্বত অসমত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। এনে প্ৰেক্ষাপটত লোকসভা নিৰ্বাচনৰ পূৰ্বেই ভোগালী বিহুৰ ধামখুমীয়াৰ মাজতে গৰম হ'ব ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি। অহা ১০ জানুৱাৰীত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব অসম বিজেপিৰ নৱবৰ্ষৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা এই বৈঠকত উপস্থিত থাকিব। সভাত তেওঁ দলীয় কৰ্মীসকলক সম্বোধন কৰিব। ইয়াৰ পূৰ্বে কামৰূপ জিলাৰ ৰঙিয়াত ৮ জানুৱাৰীত গেৰুৱা দলটোৰ আঠ মৰ্চাৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব বুলি অসম ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰিছে। অহা ৯ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব নিৰ্বাচনপৰিচালনা সমিতি আৰু বিষয়ববীয়াৰ বৈঠক। ইফালে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ১৪ জানুৱাৰীত মণিপুৰৰ ইম্ফলৰ পৰা আৰম্ভ হব।মণিপুৰত দুদিন কটাব ৰাহুল গান্ধীয়ে। ১৬ জানুৱাৰী নাগালেণ্ডত কটাই ১৭ জানুৱাৰীত আমগুৰিত উপস্থিত হ’ব কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। অসমত ৮ দিনত মুঠ ৮৩৩ কিলোমিটাৰৰ যাত্ৰাকালত এখন বিশেষ বাছত চলন্ত অৱস্থাতেই ৰাজ্যৰ বহু দল সংগঠন, বিৰোধী ঐক্য মঞ্চৰ নেতা- প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হব কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী। যাত্ৰাৰ সময়ত মাজে মাজে থাকিব পদযাত্ৰা, প্ৰতিদিনে ৮-১০কিলোমিটাৰ পদযাত্ৰা হ’ব। অধিক সময় বাছেৰে হব যাত্ৰা। ৮ দিনীয়া যাত্ৰাৰ সময়ত ৩ খনকৈ ৰাজহুৱা সভাতো ভাগ লব ৰাহুল গান্ধীয়ে। যোৰহাট,গোগামুখ, তেজপুৰত হ’ব বিশাল ৰাজহুৱা সভা,নগাওঁ, হাজোত হ’ব বিশাল ৰেলী। আমগুৰি, শিৱসাগৰ , যোৰহাট, মাজুলী, তেজপুৰ হৈ কলিয়াবৰ, নগাঁও, গুৱাহাটীৰ মাজেৰে নলবাৰী, বৰপেটা হৈ ধুবুৰীৰ বক্সিৰহাটেৰে পাৰ হব ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰা।