শনিবাৰে পুৱা ৫ বজাৰ পৰা চলিব বাছ, টেক্সী আৰু আন বাণিজ্যিক বাহন

হিট এণ্ড ৰাণ আইন বিৰোধী মটৰ পৰিবহণ সংস্থাৰ ধৰ্মঘট শনিবাৰে পুৱা ৫ বজাৰ পৰা প্ৰত্যাহাৰ।৪৮ ঘণ্টাৰ ধৰ্মঘট ২৪ ঘণ্টালৈ হ্ৰাস কৰাৰ সিদ্ধান্ত ল'লে প্ৰতিবাদকাৰী সংগঠনটোৰ নেতৃত্বই। শনিবাৰেপুৱা ৫ বজাৰ পৰা চলিব সকলো বাণিজ্যিক বাহন। পৰিবহণ বিভাগৰ সৈতে হোৱা বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হয়। পৰিবহণ সংস্থাৰ স্মাৰকপত্ৰ কেন্দ্ৰলৈ পঠাব ৰাজ্য চৰকাৰে।এই আশ্বাসৰ পিছতে ধৰ্মঘট প্ৰত্যাহাৰৰ সিদ্ধান্ত পৰিবহণ সংস্থাৰ। বিতৰ্কিত আইনখন বাতিল সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে লোৱা যদিও সম্প্ৰতি আইনখন প্ৰযোজ্য নকৰাৰ আশ্বাস দিছে কেন্দ্ৰই। পৰৱৰ্তী সময়ত মটৰ ইউনিয়নৰ লগত বৈঠকত বহিব কেন্দ্ৰ।