টি-২০ বিশ্বকাপৰ সূচী ঘোষণা, ৯ জুনত ভাৰত-পাকিস্তানৰ মেচ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ( আই চি চি ) ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৪ৰ সময়সূচী ঘোষণা কৰিছে। অহা পহিলা জুনৰ এই টুৰ্নামেণ্ট অনুষ্ঠিত হ’ব৷অহা ৯ জুনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে খেলিব। T20 বিশ্বকাপ,২০২৪ ৰ সূচী: উদ্বোধনী মেচ – ১ জুন, আমেৰিকা বনাম কানাডা৷ ১ম ছেমি ফাইনেল – ২৬ জুন, গুয়েনা৷ দ্বিতীয় ছেমি ফাইনেল – ২৭ জুন, ট্ৰিনিদাদ৷ ফাইনেল – ২৯ জুন, বাৰ্বাডোছ৷ ভাৰতৰ খেলৰ সূচীঃ ৫ জুনত ভাৰত বনাম আয়াৰলেণ্ড৷ ৯ জুনত ভাৰত বনাম পাকিস্তান৷ ১২ জুনত ভাৰত বনাম আমেৰিকা৷ ১৫ জুনত ভাৰত বনাম কানাডা৷ ভাৰতীয় মেন ইন ব্লু দলে নিজৰ সকলো খেল আমেৰিকাত খেলিব।