ৰাকেশ পালে চাকৰি দিয়া ACS, APS বিষয়াৰ দুৰ্দিন
ধনৰ বিনিময়ত বা আন অনৈতিক উপায়েৰে APSC পৰীক্ষাত উত্তীৰ্ণ হৈ আৰক্ষী, প্ৰশাসনৰ বিষয়া হোৱাসকলৰ ধাৰাবাহিক জেৰা চলাই আছে SITয়ে।। শনিবাৰে APS পুস্কল গগৈ হাজিৰ হ'ল SITত। অভিযোগমতে APSCৰ পৰীক্ষাত ফেইল কৰিও ৰাকেশ পাল আৰু তেওঁৰ সহযোগীসকলৰ অনুগ্ৰহত উত্তীৰ্ণ হৈছিল পুস্কল। সাধাৰণ জ্ঞান, ইংৰাজী আৰু ৰাজনীতি বিজ্ঞানত নম্বৰ বঢ়াই দিয়া হৈছিল পুস্কল গগৈক। আনহাতে বজালীৰ এজন চুপাৰি ব্যৱসায়ীক ধনদাবী গোচৰত সাঙোৰ খাই নিলম্বিত হৈ আছে পুস্কল গগৈ। শনিবাৰেই ACS ধ্ৰুৱজ্যোতি হাতীবৰুৱাকো জেৰা কৰে SITয়ে। ধ্ৰুৱজ্যোতিৰো ৩খন উত্তৰ বহীত জালিয়াতিৰ অভিযোগ। তেওঁৰ প্ৰাপ্ত ৭১৭ নম্বৰ ৮৪৭ নম্বৰলৈ বৃদ্ধিৰ প্ৰমাণ পোৱাৰ তথ্য প্ৰকাশ পাইছে। প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ অনুসন্ধানত পোহৰলৈ আহিছে এই তথ্য। অনুৰূপ অভিযোগত আৰু এজন APS বিষয়া অনলজ্যোতি দাসকো তলব কৰিছে SITয়ে।
