T20 বিশ্বকাপৰ পোষ্টাৰত ৰোহিতৰ ঠাইত হাৰ্দিক, বিতৰ্ক

১ জুনৰ পৰা ২৯ জুনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’বলগীয়া T20 বিশ্বকাপৰ টীম ইণ্ডিয়াৰ প্ৰথমখন খেল আছে ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে নিউয়ৰ্কত। তাৰ পিছত ৯জুনত একেই ভেন্যুত চিৰবৈৰী পাকিস্তানৰ লগত টীম ইণ্ডিয়াৰ বহুপ্ৰত্যাশিত হাইভল্টেজ মেছ। এই লৈ হঠাতেই সূচনা হৈছে এক প্ৰশ্নচিহ্নৰ। শুকুৰবাৰে ICC য়ে T20 বিশ্বকাপৰ সূচী ঘোষণা কৰাৰ পিছতে এই ICC ইভেন্টৰ অফিচিয়েল সম্প্ৰচাৰক ষ্টাৰ স্পোৰ্টচে ৯জুনৰ ভাৰত-পাকিস্তানৰ ক্ৰিকেট মহাৰণক লৈ প্ৰকাশ কৰে এক বিশেষ পোষ্টাৰ। এই পোষ্টাৰত পাকিস্তানৰ T20 ক্ৰিকেট দলটোৰ নৱনিযুক্ত অধিনায়ক শ্বাহীন আফ্ৰিদীৰ সৈতে ফটো আছে টীম ইণ্ডিয়াৰ অন্যতম সদস্য অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ। তাতেই ক্ষোভিত একাংশ ক্ৰিকেট অনুৰাগী। যদিও ২০২২ৰ নৱেম্বৰৰ পিছত ৰোহিত শৰ্মাই কোনো T20 মেছত অংশ লোৱা নাই আনুষ্ঠানিকভাৱে ৰোহিত শৰ্মাই এই ফৰ্মেটৰো টীম ইণ্ডিয়াৰ অধিনায়ক। বিৰাট কোহলীয়েও ৰোহিত শৰ্মাৰ দৰে তেতিয়াৰ পৰাই T20 খেলা নাই। এদিনীয়া বিশ্বকাপত ফাইনেলত পৰাস্ত হোৱাৰ পাছত ৰোহিত- বিৰাটৰ সীমিত অভাৰৰ ভৱিষ্যতক লৈ চৰ্চা চলিছে যদিও দুয়ো এতিয়াও সক্ষম। তেনেস্থলত BCCI বা ৰোহিতৰ পৰা কোনো ঘোষণা অবিহনেই ষ্টাৰ স্পোৰ্টচে নিজৰ পোষ্টাৰত ৰোহিতৰ ঠাইত হাৰ্দিক ক ঠাই দিয়াটোক লৈ সামাজিক মাধ্যমত বিতুষ্টি উজাৰি দিছে ৰোহিত শৰ্মাৰ অনুৰাগীসকলে।