এইবাৰ বৈদিক ক্ৰিকেট! পুৰস্কাৰ ৰাম মন্দিৰলৈ টিকেট

প্ৰতিযোগিতাৰ চেম্পিয়ন দলে লাভ কৰিব অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহলৈ অহা-যোৱাৰ টিকট! সংস্কৃত ভাষাৰ প্ৰচাৰৰ লক্ষ্যৰে অনুষ্ঠিত হৈছে এখন ক্ৰিকেট প্ৰতিযোগিতাত৷ অংশ লৈছে ধূতি-কুৰ্তা পৰিহিত, কপালত ধৰ্মীয় তিলক অঁকা বৈদিক পণ্ডিতসকলে । এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে মধ্যপ্ৰদেশৰ ৰাজধানী, ভূপাল চহৰত৷ পশ্চিমীয়া দেশত অতিক্ৰমণীয় ধ্যান-ধাৰণাৰ অনুশীলন প্ৰৱৰ্তন কৰা মহৰ্ষি মহেশ যোগীৰ জন্ম বাৰ্ষিকী উপলক্ষে আয়োজন কৰা এই প্ৰতিযোগিতাৰ বিজয়ী দলেএইবাৰ ২২ জানুৱাৰীত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠিত হ’বলগীয়া অযোধ্যা ভ্ৰমণৰ সুযোগ পাব। ভূপালৰ অংকুৰ খেলপথাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা চাৰিদিনীয়া প্ৰতিযোগিতাখনত খেলুৱৈ আৰু আম্পায়াৰসকলে সাৱলীলভাৱি সংস্কৃত ভাষাত কথা পতা পৰিলক্ষিত হৈছে৷আনকি খেলৰ ধাৰাভাষ্যকাৰেও খেলপথাৰত হিট, মিছ আৰু কেচ আদি প্ৰাচীন ভাষাটোতে বৰ্ণনা কৰিছে। মেচ কমিটীৰ তথ্য অনুসৰি অহা ২২ জানুৱাৰীৰ পিছত বিজয়ীসকলক অযোধ্যালৈ প্ৰেৰণ কৰা হ’ব।তেওঁলোকে ২১ হাজাৰ টকাৰ পুৰস্কাৰো লাভ কৰিব, আনহাতে ৰানাৰ্ছ আপদলে ১১ হাজাৰ টকা লাভ কৰিব৷এইবাৰৰ প্ৰতিযোগিতাত মুঠ এক ডজন দলে অংশগ্ৰহণ কৰিছ৷