সংগীত পৰিচালক ভূপেন উজীৰৰ মৃত্যু

প্ৰসিদ্ধ সংগীত পৰিচালক, সুৰকাৰ ভূপেন উজীৰৰ মঙলবাৰে নিশা মৃত্যু হয়৷ গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত নিশা প্ৰায় দহ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ একুৰিৰো অধিক অসমীয়া চিনেমাৰ লগতে বহুস সংখ্যক মিউজিক এলবামৰ সংগীত পৰিচালনা কৰা উজীৰে বহু জনপ্ৰিয় গীতৰ সুৰাৰোপন কৰিছিল৷ মৃত্যুৰ সময়ত তেওঁৰ প্ৰায় ৭০ বছৰ হৈছিল৷